---Designed By
    ABD Team---



আৰম্ভণিঃ পুথি-ভঁৰাল সমুহত জ্ঞান-বিজ্ঞান, বুৰঞ্জী, দৰ্শন, সাহিত্য, কলা, গল্প-উপন্যাস, জীৱনী আদি নানা তৰহৰ ন-পুৰণি পুথি আৰু আলোচনী, বাতৰি কাকত আদি পঢ়াৰ বাবে সংগ্রহ আৰু সংৰক্ষণ কৰি ৰখা হয়। মানুহৰ জ্ঞান পুথিৰ পাতত সঞ্চিত হয়, সেয়েহে
জ্ঞানন্বেষী মানুহে অতীত কালৰ পৰাই পুথিভঁৰাল পাতি জ্ঞান সাধনাৰ পথ মোকলাইছিল। পুৰণি কালৰ মঠ-মন্দিৰ, তীৰ্থস্থান আদিত বিভিন্ন বিষয়ৰ পুথি সংৰক্ষণ কৰা হৈছিল। আমাৰ দেশৰ কেইখন মান সত্ৰ আৰু নামঘৰ বোৰতো ভালেমান পুৰণি কিতাপ পুথি থুপতে পোৱা যায়। এইবোৰেও এসময়ত পুথিভঁৰালৰ কাম কৰিছিল।
বিভিন্ন প্ৰকাৰঃ পুথিভঁৰাল সাধাৰণতে দুই ধৰণৰ-ব্যক্তিগত ঘৰুৱা পুথিভঁৰাল আৰু ৰাজহুৱা পুথিভঁৰাল। পণ্ডিত, বিদ্যানুৰাগী আৰু অধ্যয়নপ্ৰিয় মানুহবোৰ নিজৰ অভিৰুচি মতে নিজৰ প্ৰয়োজনীয় পুথি-পাঁজি, আলোচনী, বাতৰি কাকত আদি সংগ্ৰহ কৰি ৰাখে। এয়াই হ’ল ঘৰুৱা পুথিভঁৰাল। এই পুথিভঁৰালৰ সুযোগ সকলোৱে নাপায় আৰু ইয়াত সকলো ধৰণৰ পুথিও নাথাকে। আনহাতে ৰাজহুৱা পুথিভঁৰালবোৰত সকলো বিধৰ পুথি ৰখা হয় আৰু সকলোৰে বাবে ইয়াৰ দুৱাৰ মুকলি থাকে। আমাৰ স্কুল-কলেজ আৰু বিশ্ববিদ্যালয়বোৰত একোটা পুথিভঁৰাল আছে। ইয়াৰ সুযোগ, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে ল'ৱ
পাৰে। ইয়াৰ উপৰিও ন্যায়লয়, সচিবালয়, বিধানসভা আদিৰ নিচিনা চৰকাৰী অনুষ্ঠানসমুহৰো নিজা নিজা পুথিভঁৰাল আছে। ৰাজহুৱা পুথিভঁৰালবোৰৰ কিছুমান চৰকাৰৰ দ্বাৰা সম্পুৰ্ণৰূপে পৰিচালিত, কিছুমান ৰাইজৰ দ্বাৰা চৰকাৰী সাহাৰ্য্যত পৰিচালিত আৰু কিছুমান সম্পূৰ্ণৰূপে ৰাইজৰ দ্বাৰা স্থাপিত আৰু পৰিচালিত। স্কুল-কলেজ কৰ্তৃপক্ষ বা ছাত্ৰ সভাৰ দ্বাৰাই পৰিচালিত হয়। ‘চলন্ত পুথিভঁৰাল' বুলি আন এক পুথিভঁৰাল আছে। জনসাধাৰণৰ মাজত শিক্ষা প্ৰচাৰৰ বাবে আৰু অধ্যয়নৰ অনুৰাগ জন্মাবৰ কাৰণে চৰকাৰৰ দ্বাৰা ইয়াৰ পৰিচালনা কৰা হয়। প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ নাম উল্লেখযোগ্য । আগেয়ে তাল পাত, সাচি-পাত আদিত বৰ যত্ন কৰি গ্ৰন্থ লিখা হৈছিল আৰু সেইবোৰৰ সংগ্ৰহ আৰু সংৰক্ষণো সহজ নাছিল। কাকত আৰু ছপাকলৰ আবিষ্কাৰৰ ফলত কিতাপ যথেষ্ট সুলভ হৈছে আৰু পুথিভঁৰালবোৰতো আজি-কালি বিজ্ঞানসন্মত পদ্ধতিৰে পুথি-পাজিৰ সংগ্ৰহ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। পৃথিৱীৰ সকলোবোৰ দেশতে আজি-কালি ভালেমান ডাঙৰ ডাঙৰ পুথিভঁৰালৰ স্থাপিত হৈছে। এনে পুথিভঁৰালৰ সমুহৰ ভিতৰত লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম লাইব্ৰেৰী, ফৰাচীৰ বিব্লিওথিক নেচনেল লাইব্ৰেৰী, ৰাছিয়াৰ মস্কো মহানগৰীৰ পুথিভঁৰাল আৰু কলিকতাত থকা আমাৰ ভাৰতৰ নেচনেল লাইব্ৰেৰীৰ কথা উল্লেখ কৰিব পাৰি।
আৱশ্যকতাঃ পুথিভঁৰালবোৰৰ যথেষ্ট উপকাৰিতা আছে। বিশেষকৈ জ্ঞান আৰু শিক্ষা বিস্তাৰত ইয়াৰ বৰঙণি অতুলনীয়। সকলো মানুহে স্কুল-কলেজত পঢ়ি জ্ঞান আহৰণৰ সুযোগ নাপায় আৰু স্কুল-কলেজত শিক্ষা পোৱা লোকৰো চৰ্চাৰ অভাৱত বিদ্যা ক্ৰমে হ্ৰাস হয়, কথাতে কয় বোলে: ‘অনভ্যাসে হত: বিদ্যা'। কিন্তু সকলো সময়তে সকলোৰে বাবে আৱশ্যকীয় কিতাপখিনি কিনা সম্ভবো নহয়। ৰাজহুৱা পুথিভঁৰালৰ সুযোগ গ্ৰহণ কৰি শিক্ষিতসকলে জ্ঞান চৰ্চা অব্যাহত ৰাখিব পাৰে। স্কুল-কলেজ আৰু বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰসমুহে ছাত্ৰ-ছাত্ৰীৰ বৰ উপকাৰ কৰে। জ্ঞান লাভৰ বাবে স্কুলৰ পাঠ্যক্ৰম খিনিয়ে যথেষ্ট নহয়। তাৰ বাবে কিছু বাহ্যিক পুথি অধ্যয়নৰো দৰকাৰ। স্কুলীয়া পুথিভঁৰালসমুহে ছাত্ৰ-ছাত্ৰীক বাহিৰা পুথি যোগান ধৰে। ছাত্ৰ-ছাত্ৰীৰ জ্ঞান, বুদ্ধি, উপযোগিতা বুজি শিক্ষকসকলে কিতাপ বাছনি কৰি দিলে অধিক উপকাৰ হ’ব। কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পুথিভঁৰালৰ সাহাৰ্য্য অপৰিহাৰ্য বুলিয়েই কব পাৰি। আজি-কালি স্কুল-কলেজবোৰত ‘বুক বেংক'ৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীসকলোক পাঠ্যপুথিৰ যোগান ধৰাৰ ব্যৱস্থা কৰা
হৈছে।
পুথিভঁৰালৰ উপকাৰিতা বুজিয়েই হ’বলা সম্প্ৰীতি আমাৰ মাজত পুথিভঁৰাল স্থাপনৰ বাবে কিছু আগ্ৰহ জাগিছে। আমাৰ চৰকাৰে জিলা আৰু মহকুমাৰ সদৰ ঠাইত নিজাববীয়াকৈ একোটাহঁত পুথিভঁৰাল স্থাপন কৰিছে। সমুহীয়া উন্নয়ন খণ্ড আৰু ৰাজ্যিক সামাজিক বিভাগৰ দ্বাৰা বছা বছা গাওঁ কিছুমানতো পুথিভঁৰাল স্থাপন কৰা হৈছে । গাঁৱৰ মানুহ বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলে নিজ নিজ গাঁৱত পুথিভঁৰাল স্থাপনৰ বাবে নিজে নিজেই উদ্যম কৰি আগবাঢ়ি অহাও দেখা গৈছে। এনেবোৰ পুথিভঁৰালৰ কোনো কোনোটোক চৰকাৰে আৰ্থিক অনুদানেৰে সহায়েও কৰিছে। তথাপি গাঁৱৰ আৰু স্কুলৰ পুথিভঁৰাল সমুহৰ সুযোগ জনসাধাৰণ আৰু ছাত্ৰসমাজে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব পোৱা নাই। উপযুক্ত পৰিচালনাৰ অভাৱেই ইয়াৰ কাৰণ। আমাৰ গাঁৱলীয়া পুথিভঁৰালবোৰৰ পুথি ভৰালীজন প্ৰায় অবৈতনিক। সময়-সুযোগ পালেহে তেওঁ পুথিভঁৰালৰ দুৱাৰ মেলে নতুবা নেমেলে। জীৱনত অৰ্থই অনৰ্থ ঘটোৱা আমাৰ গাঁৱলীয়াসকলৰ 'হৰি কমাতকৈ চাউল মুঠিয়েই ডাঙৰ' হৈছে। গতিকে এনেকুৱা পুথিভঁৰাললৈ তেওঁলোক নোযোৱাটো স্বাভাৱিক। তদুপৰি এইবোৰ পুথিভঁৰাল স্থাপন আৰু পৰিচালনাত আগভাগ লয় ছাত্ৰসকলে। এচাম উদ্যমী ছাত্ৰৰ পিছতে আকৌ এচাম ছাত্ৰ নোলালে এইবোৰ পুথিভঁৰালৰ দুৱাৰ চিৰকাললৈ জাপ যোৱা দিষ্টান্তও বিৰল নহয়।
স্কুলৰ পুথিভঁৰাল সমুহৰো কিতাপ দিয়াৰ ব্যৱস্থা বৰ ভাল নহয়। বিদ্যালয়ৰ পুথিভঁৰালবোৰত কলেজৰ লেখীয়া নিগাজি পুথিভৰালী নাথাকে। একোজন শিক্ষকৰ ওপৰত পুথিভঁৰালৰ দ্বায়িত্ব অৰ্পন কৰা হয়। স্কুলবোৰত অতিৰিক্ত শিক্ষক নাই, এনেয়ে তেওঁলোকৰ জিৰণি কম, তাতে আকৌ অনুপস্থিত শিক্ষকৰ হৈও শিকাবলগীয়া হয়। এনেস্থলত বাৰু শিক্ষক এজনে উপৰুৱা দায়িত্ব লয় কেনেকৈ? আৰু যদিও লয়, তাক সুচাৰুপে পালন কৰিব কেনেকৈ? লাইব্ৰেৰীৰ দায়িত্বত থকা শিক্ষকজনক এটা বা দুটা পিৰিয়ড আজৰাই দিলেও বিশেষ সুবিধা নহয়। কলেজৰ নিচিনা স্কুলৰ পুথিভঁৰাল সমুহতো পুথিভঁৰাল পৰিচালনাৰ জ্ঞান থকা নিগাজি পুথিভৰালী নিয়োগ কৰিব লাগে আৰু গাঁৱলীয়া পুথিভঁৰালসমুহৰো দায়িত্বও চৰকাৰে সম্পূৰ্ণৰূপে বহন কৰি তাৰ পুথিভৰালী সমূহক বেতন আৰু প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে, তেহে এই পুথিভঁৰালসমুহৰ পৰা যথোচিত সুফল পোৱা যাব।
সামৰণিঃ পুথিভঁৰালৰ পৰা পুথি আনি পঢ়োঁতাৰ বিশেষ দায়িত্ব আছে । পুথি পঢোঁতাসকলে পুথিভঁৰালৰ নিয়ম কেতিয়াও উলংঘা কৰা উচিত নহয়, বিশেষকৈ কিতাপ লৈ নিদিষ্ট সময়ত ঘূৰাই নিদিয়াটো বৰ বেয়া। পুথিভঁৰালৰ পুথিৰ কথাৰ তলত আচ মৰা, ছবি ব্লক আৰু নিজৰ বাবে লাগতিয়াল অংশ মাজৰ পৰা ছিৰি ৰখা আদি বদ- অভ্যাসো আমাৰ পঢ়োঁতাসকলৰ কাৰো কাৰো গাত দোষ দেখা যায়। কেতিয়াও এনেকুৱা কাম কৰাটো উচিত নহয়। পুথিভঁৰালৰ পুথিৰ পৰা বিশেষকৈ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ উপকাৰ পাবলৈ হ'লে পুথি এখন পঢ়ি তাৰ পৰা লাগতিয়াল কথাখিনিৰ টোকা ৰাখিব লাগিব।
আৰম্ভনীঃ পানীয়েই প্ৰাণ আৰু প্ৰাণৰূপে পানীৰ আকৃতিক আধাৰ হল নদীসমূহ। আগৰ কালত মানুহে গা-মূৰ তিওৱাৰ পৰা আৰম্ভ কৰি খোৱা-পিয়া পযৰ্ন্ত নদীৰ পানীকে ব্যৱহাৰ কৰিছিল। নদীৰ পানীয়ে দেশৰ শস্য-মতস্যৰ উতপাদন বঢ়াইছিল। নাৱেৰে নদীয়েদি মানুহে যাতায়ত, বেহাবেপাৰ আদি কৰিছিল আৰু আজিও এনেবোৰ কাৰ্যত মানুহে নদীৰ সুজোগ গ্ৰহণ কৰিয়ে আছে। নদীবোৰ আমাৰ প্ৰাকৃতিক সম্পদ। পিছে সময়ে-সময়ে আকৌ নদীবোৰ ভয়ংকৰ সুৰ্তি ধাৰণ কৰি প্ৰৱল বানপানীৰে দেয প্লাৱিত কৰি মহা পয়মাল ঘটোৱাও দেখা যায়।
বানপানীৰ কাৰণ ঃ অসম নদীমাতৃক দেশ। মহাবাহু ব্ৰহ্মপত্ৰকে ধৰি নানান নদী-নলাৰে অসমদেশ উপচি আছে। বাৰিষা-খৰালি দুয়ো সময়তে ইয়াৰ পানী প্ৰায় নুশুকায়। কিন্তু বাৰিষা পানী উপচি প্ৰায় পাৰ বাগৰি ভৈয়ামলৈ বৈ গৈ বানপানীৰ সৃষ্টি কৰে। সৰু-সুৰা বানপনীৰ পৰা মানুহৰ অপকাৰ নহৈ বৰঞ্চ উপকাৰ হে হয়। বানপানীত পোক-পৰুৱা আৰু বেয়া আৱৰ্জনাবোৰ উটি ভাহি যায়। পলস পৰি শস্য়ৰ পথাৰবোৰ সাৰুৱা হয় আৰু মাছ-পুঠিও বৃদ্ধি পায়। বানপানীৰ সুযোগ লৈ মানুহে নাৱেৰে গৈ দুৰ দুৰণিৰ পৰা কম খৰচতে আৱশ্য়কীয় বস্তু-বাহিনি গোটাই আনিব পাৰে। কিন্তু ই যদি প্ৰৱল হয়, তেন্তে উপকাৰতকৈ অপকাৰ হে হয় বেছি। ১৯৫০ চনৰ ভুঁইকঁপৰ পাছৰে পৰা আমাৰ দেশত প্ৰায়ে প্ৰতি বছৰে প্ৰৱল বানপানী হৈ থকা দেশা গৈছে।
সম্ভৱত ভুঁইকঁপৰ জোকাৰনিত আমাৰ নদীবোৰৰ তলি দাং খাই উঠিছে-যাৰ ফলত অলপমান পানী জমিলেই পাৰ উপচি পৰে। আনহাতে অসমৰ বাৰিষা নিৰ্ভৰ কৰে মৌচুমি বতাহৰ ওপৰত। মৌচুমি বায়ু আগতীয়া হলে বাৰিষা আগতীয়া হয়, শেহতীয়া হলে বাৰিষাও পলমকৈ হয়। সম্প্ৰতি হাবি-বন, পৰ্বত-পাহাৰ কাটি ভাঙি মানুহে বসবাস কৰিবলৈ লোৱা বাবে মৌচুমিৰ গতি অনিয়মীয়া হৈ প্ৰাৱল্য বাঢ়িছে। বৰষুণ হলে একেৰাহে ধৰাসাৰে হয়, নহলেবা তেনেই খৰাং হৈ থাকে। ফলত কোনো কোনো বছৰত বাৰিষা আৰম্ভনিৰ পৰা শেহলৈ অগা-পিছাকৈ ৪\৫ বাৰ বানপানী হোৱা দেখা গৈছে। অকাল বাৰিষাই অনিষ্ট কৰে, সেয়ে যদি প্ৰৱলতা হয় ক্ষয়-ক্ষতিৰ সীমা নথকা হয়। পথাৰৰ শস্য় হানিৰ উপৰিও পোহনীয়া গৰু-মহ, হাহঁ-কুকুৰা, ঘৰ-দুৱাৰ, উটি-ভাহি যায়। মানুহ-দুনোহো মৃত্যু-মুখত পাৰে। আগৰ কালতকৈ এতিয়াৰ বানপানীত হোৱা মানুহৰ মৃত্যুৰে লেখ বাঢ়িছে। ইয়াৰ কাৰণ হৈছে, আগৰ দিনত বান-পানী প্ৰায় সকলোতে সমানভাৱে হৈছিল। মৌচুমি বতাহৰ অনিয়ন্ত্ৰিত গতি আৰু অপৰিকল্পিত বান্ধ-মথাউৰি আদিৰ বাবে আজি-কালি কাল-অকাল যেতিয়াই তেতিয়াই বানপানী হয় আৰু কৰবাত মথাউৰি ভাঙি ,কৰবাত বা আকৌ পানী বন্ধ হৈ আকস্মিক আৰু অস্বাভাবিক ধৰণৰ বানপানী হয়। বান-পানীয়ে আলি-পদূলি, বান্ধ-মথাউৰি আদি ভাঙি বেয়াকৈ অনিষ্ট কৰে। আজি কেইবছৰমানৰ পৰা বানপানীৰ লগে লগে ঠায়ে ঠায়ে প্ৰৱল গৰা-খহনীয়া হৈ বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ কেইবাখনো গাওঁ-নগৰ নিশ্চিহ্ন হবৰ উপক্ৰম হৈছে।
বানপানীয়ে যে কেৱল বানপানীৰ সময়চোৱাত আৰু কেৱল বানপানী বিধ্ৱস্ত অঞ্চলৰ অনিষ্ট কৰে এনে নহয়। বানপানীৰ পিছতে সচৰাচৰ আকাল আৰু নানান মাৰি-মৰকে দেখা দিয়ে। বানপানীয়ে কৰা শস্যৰ ক্ষতিয়ে গোটেই দেশকে অভাৱগ্ৰস্ত কৰে। আমাৰ সৰ্বসাধাৰণৰ ৰাইজ প্ৰায় আটায়ে খেতিয়ক, অৱস্থা এনেয়ে বেয়া, তাতে আকৌ প্ৰতি বছৰতে খেতিৰ অনিষ্ট হলে তেওঁলোকে চিৰকালৰ কাৰণে দুভাৰ্গ্যৰ কৰাল গ্ৰামত পতিত হয়।
প্ৰতিৰোধৰ উপায়ঃ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিভিন্ন অনুষ্ঠান আৰু ব্যক্তি-বিশেষে বান-পাড়ীত লোকৰ সাহায্যাৰ্থে দান-বৰঙনি আগবঢ়ায় যদিওঁ সিয়ে দুৰ্গতি মোচনৰ কাৰণে যথেষ্ট নহয়। ইফালে বানপানীৰ নিচিনা দুযোৰ্গবোৰ ঘনাই হৈ থাকিলে দেশৰ উন্নয়নমূলক আচঁনি সমূহ বাধাপ্ৰাপ্ত হয়। সেইবাবে সামাজিক সাহায্য়াৰ উপৰিও স্থায়ীভাৱে বান নিয়ন্ত্ৰনৰ ব্য়ৱস্থা লোৱা উচিত। কেন্দ্ৰীয় চৰকাৰে ততকালীন, হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন এই তিনিটা পৰ্যায়ত বানপানী নিয়ন্ত্ৰনৰ নীতিগ্ৰহন কৰিছে যদিও তাৰপৰা অসমে পাবলগীয়া উপকাৰ পোৱা নাই, কিয়নো কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে যথাযথ আৰ্থিক সাহায্য় পোৱা নাই। অসম চৰকাৰে নৈবোৰত মথাউৰি দিয়াৰ ব্য়ৱস্থা কৰিছে সচাঁ, কিন্তু মথাউৰি পৰিকল্পিত নোহোৱাত বানপানী আহিলেই কোনো নহয় কোনো ঠাই আকস্মিক ভাৱে ভাঙি আৰু কোনো ঠাইত পানী ওলোৱা পথ বন্ধ কৰি হিতে বিপৰীত হোৱাদিহে হৈছে।
অসমত স্থায়ীভাৱে বান-নিয়ন্ত্ৰন কৰিবলৈ হলে প্ৰধানকৈ নদীসমূহ নিয়ন্ত্ৰন কৰিব লাগিব, বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ দুখন। অৱশ্যে এই কাম সহজসাধ্য় নহয়। ইয়াৰ বাবে প্ৰচুৰ ধন আৰু অভিজ্ঞ কাৰিকৰী লোকৰ প্ৰয়োজন হৱ। কিন্তু, এই কাৰ্যৰউপকাৰিতালৈ চাই চৰকাৰে হোঁহোকা-শিছলা কৰাটো উচিত নহব। গংগাৰো মাত্ৰা, মাহীৰো বাৰ্তাৰ নিচিনা একেলগে ইয়াৰ দ্ৱাৰা দুটা কাম সিদ্ধি হব। অসমত পানী যোগানতকৈ পানী উলিয়াই দিয়াৰ সমস্যাহে ডাঙৰ। বান-নিয়ন্ত্ৰনৰ দ্ৱাৰা অনাৱশ্য়কীয় ঠাইৰ পৰা পানী উলিয়াই দি আৱশ্য়কীয় ঠাইত যোগান ধৰিব পৰা যাব আৰু জলবিদ্যুত উতপাদন কৰিব পৰা হব। বৰ্তমান অসমত বিদ্যুতৰ চাহিদা অনুযায়ি উতপাদন প্ৰকল্প নায়েই। ভাৰতত অন্য়ান্য় ৰাজ্যত নদী-নিয়ন্ত্ৰনৰ কাম হাতত লোৱা হৈছে আৰু ইয়াৰ পৰা জনসাধাৰণ উপকৃত নোহোৱাকৈ থকা নাই। গতিকে অসমত নদী-নিয়ন্ত্ৰন কৰিব নোৱাৰাৰ কাৰণ একো নাই।